মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সংখ্যালঘূৰ কল্যাণ আৰু উন্নয়ন

ইতিহাস

  • ধৰ্মীয় সংখ্যালঘূ ৰাইজৰ লগতে ভাষিক সংখ্যালঘূ তথা ৰাজ্যখনৰ চৰ অঞ্চলত বসবাস কৰা অভিভাষীসকলৰ কল্যাণ তথা উন্নয়নৰ বিভিন্ন দিশৰ তদাৰকীৰ ক্ষেত্ৰত সংখ্যালঘূ কল্যাণ তথা উন্নয়ন বিভাগে প্ৰশাসনীয় বিভাগ হিচাপে কাৰ্যনিৰ্বাহ কৰে। অধিসূচীত ধৰ্মীয় সংখ্যাসঘূসকলৰ লগতে ভাষিক সংখ্যালঘূ তথা চৰাঞ্চলৰ দৰে পিছপৰা এলেকাসমূহত বসবাস কৰা অভিভাষী ৰাইজৰ সৰ্বংগীন উন্নয়নৰ গতি ত্বৰাম্বিত কৰি সামগ্ৰিকভাৱে সংশ্লিষ্টসকলৰ কল্যাণ সাধন কৰিব পৰাকৈ বিভিন্ন কৰ্ম আঁচনি যুগুতাই তেনে আঁচনি ৰূপায়নত মনোনিৱেশ কৰে এই বিভাগে। সংশ্লিষ্টসকলৰ অৰ্থ- সামাজিক অৱস্থাৰ উত্তৰণৰ বাবে আঁচনি প্ৰস্তুত কৰাৰ লগতে স্ব-নিয়োজনৰ সম্ভাৱনা সৃষ্টিতো তৎপৰতা গ্ৰহণ কৰা বিভাগটোৱে এই ক্ষেত্ৰত পৰম্পৰাগতভাৱে পেছাদাৰী গোট আৰু মহিলাসকলক বিশেষ অগ্ৰাধিকাৰ দিয়াত গুৰুত্ব আৰোপ কৰি আহিছে।