মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সংখ্যালঘূৰ কল্যাণ আৰু উন্নয়ন

গৃহ- তথ্য আৰু সেৱা- যুটীয়া ৰাজ্যিক হজ কমিটিৰ কাম- কাজ

  • উত্তৰ-পূৰ্বাঞ্চলৰ পৰা হজ যাত্ৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰা সকলৰ আবেদন আৰু প্ৰয়োজনীয় ধন জমা দিয়াৰ পাছত সংশ্লিষ্টসকলৰ হজ যাত্ৰাৰ বাবে প্ৰয়োজনীয় হোৱা যাৱতীয় সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত যুটীয়া ৰাজ্যিক হজ কমিটিয়ে মুখ্য তদাৰকী সন্থাৰ দায়িত্ব পালন কৰে। চৌদি চৰকাৰে আগবঢ়োৱা সময়সীমাৰ ভিতৰত হজ সংক্ৰান্তীয় যাৱতীয় কাৰ্যাৱলী সম্পূৰ্ণ কৰাৰ বাবে প্ৰতি বছৰে ভাৰতৰ ৰাষ্ট্ৰীয় হজ কমিটিয়ে কৰ্ম- পৰিকল্পনা ঘোষণা কৰে। এই পৰিকল্পনাৰ আধাৰত যাৱতীয় কাম-কাজ সম্পূৰ্ণ কৰি তোলাৰ বাবে তৎপৰতা গ্ৰহণ কৰে যুটীয়া ৰাজ্যিক হজ কমিটিসমূহে।

    • ভাৰতৰ ৰাষ্ট্ৰীয় হজ কমিটিয়ে আয়োজন কৰা হজ সংক্ৰান্তীয় বাৰ্ষিক সন্মিলনত ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, সংখ্যালঘূ পৰিক্ৰমা, অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়, এয়াৰ ইণ্ডিয়া আদিৰ জ্যেষ্ঠ বিষয়াবৰ্গই অংশ গ্ৰহণ কৰে। এই সন্মিলনত বিগত বৰ্ষৰ হজ যাত্ৰাৰ ব্যৱস্থাপনা পৰ্যালোচনা কৰাৰ লগতে আগত হজযাত্ৰা আসোঁৱাহমুক্ত কৰিব পৰা যায় তাৰ বাবে দিহা-পৰামৰ্শ গ্ৰহণ কৰা হয়। পৰৱৰ্তী হজৰ কাম-কাজ সম্পূৰ্ণ কৰাৰ বাবে পৰিকল্পনা আৰু সময়সূচীয়ো নিৰূপণ কৰা হয় এই সন্মিলনত।
    • ভাৰতৰ হজ কমিটিয়ে প্ৰতি বছৰে নিৰ্দিষ্ট সময়ত হজ যাত্ৰাৰ সূচী ঘোষণা কৰি বাতৰি কাকত তথা অন্যান্য সংবাদ মাধ্যম যোগে দেশৰ পৰা হজলৈ যাব খোজা ব্যক্তিসকলৰ পৰা আবেদন আহ্বান কৰে। যুটীয়া ৰাজ্যিক হজ কমিটিসমূহেও স্থানীয় ভাষাত ইলেক্ট্ৰনিক তথা ছপা মাধ্যম যোগে হজ সম্পৰ্কীয় বা-বাতৰি প্ৰকাশ কৰি এই সন্দৰ্ভত ব্যাপক প্ৰচাৰ চলায়। এইসমূহ সমিতিয়ে হজ আবেদনৰ অনুমোদিত প্ৰ-পত্ৰ তথা ৰাষ্ট্ৰীয় হজ কমিটিয়ে ঘোষণা কৰা হজ সম্পৰ্কীয় বিধি নিৰ্দ্দেশনাসমূহ প্ৰকাশ কৰি ইচ্ছুক হজযাত্ৰীসকলৰ মাজত বিনামূলীয়াকৈ উপলব্ধ কৰোৱাৰ দিহা কৰে। যুটীয়া ৰাজ্যিক হজ কমিটিসমূহে অফলাইন তথা অনলাইন যোগে আহৰণ কৰা হজ আবেদনসমূহ চালি জাৰি চাই, প্ৰয়োজনীয় সংযোজন আদি সংলগ্ন কৰি সেইবোৰ স্কেন কৰি সংহত হজযাত্ৰা প্ৰৱন্ধন পদ্ধতি(চমুকৈ আই এইচ পি এম এছ) ৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰীয় হজ কমিটিলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে।
    • যুটীয়া ৰাজ্যিক হজ কমিটিসমূহক একোটা গোট হিচাপে গণ্য কৰা হয় আৰু সেয়ে হজ যাত্ৰীসকলৰ আবেদনৰ লগতে তেওঁলোকৰ পাৰপত্ৰসমূহো সংগ্ৰহ কৰা হয়। সংশ্লিষ্টসকলৰ পৰা সংগ্ৰহ কৰা পাৰপত্ৰসমূহ খুটি নাটি মাৰি চাই যোগ্য প্ৰমাণিত হোৱা সকলৰ পাৰপত্ৰৰ প্ৰাপ্তি স্বীকাৰ কৰি সেইবোৰ ভাৰতৰ হজ কমিটিলৈ প্ৰেৰণ কৰা হয় ভিছা আহৰণৰ নিমিত্তে।
    • ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ হজ কমিটিয়ে ৰাজ্যিক হজ কমিটিসমূহৰ পৰা প্ৰেৰিত আবেদন পত্ৰসমূহ পুনৰ চালি জাৰি চাই সাম্ভাব্য খুটি নাটি মৰাৰ ব্যৱস্থা কৰে। প্ৰয়োজন সাপেক্ষে এই ক্ষেত্ৰত ৰাজ্যিক হজ কমিটিসমূহৰ সহযোগিতা গ্ৰহণ কৰা হয়।
    • পৰৱৰ্তী পৰ্য্যায়ত হজযাত্ৰীসকলে বিচৰা শ্ৰেণীৰ থকা খোৱাৰ ব্যৱস্থাৰ হিচাপত সংশ্লিষ্টসকলৰ পৰা ক’ৰ বেংকিং ব্যৱস্থাৰ জৰিয়তে ভাৰতীয় মুদ্ৰা সংগ্ৰহ কৰা হয়। এই ধন ৰাখি হজৰ সময়ত থকা খোৱা তথা অন্যান্য বাধ্যতামূলক লেনদেনৰ বাবদ ব্যয় কৰা হয়। যুটীয়া হজ কমিটিয়ে এই ক্ষেত্ৰত তীৰ্থযাত্ৰীসকলক যাৱতীয় সহায় সহযোগিতা আগবঢ়োৱাৰ লগতে ব্যয় সংক্ৰান্তীয় ৰচিদ পত্ৰ তথা অন্যান্য তথ্যাৱলী আই এইচ পি এম এছ ত আপলোড কৰাৰ ব্যৱস্থা কৰে।
    • যুটীয়া ৰাজ্যিক হজ কমিটিসমূহে জিলা হজ কমিটিসমূহৰ সহযোগত হজযাত্ৰাৰ যাৱতীয় কৰণীয়(ধৰ্মীয় বিধি-নিয়ম তথা যাত্ৰা পথৰ বিভিন্ন দিশ সামৰি) সন্দৰ্ভত প্ৰশিক্ষণৰ আয়োজন কৰে।
    • ভাৰতৰ হজ কমিটিয়ে ভাৰত চৰকাৰৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ সৌজন্যত ৰাজ্যিক তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ হজ কমিটিসমূহলৈ মেনিনজাইটিছ আৰু পলিঅ ৰোগৰ টীকাকৰণৰ বাবে প্ৰয়োজন হোৱা দৰৱ পাতি যোগান ধৰাৰ ব্যৱস্থা কৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ বিধি অনুসৰি সংশ্লিষ্ট হজযাত্ৰীসকলে মেনিনজাইটিছৰ প্ৰতিষেধক গ্ৰহণ কৰিব লাগে। হজযাত্ৰীসকলে এনে প্ৰতিষেধক গ্ৰহণ কৰাৰ প্ৰমাণ পত্ৰ দাখিল কৰাটো বাধ্যতামূলক। সেই মৰ্মে অসমতো যুটীয়া ৰাজ্যিক হজ কমিটিয়ে অসমৰ স্বাস্য্য সেৱা সঞ্চালকালয়ৰ সৌজন্যত তথা জিলাসমূহৰ যটীয়া সঞ্চালকসকলৰ কাৰ্য্যালয়ৰ সহযোগত হজযাত্ৰীসকলক প্ৰতিষেধক প্ৰদানৰ যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰে।
    • যুটীয়া ৰাজ্যিক হজ কমিটিসমূহে হজযাত্ৰীসকলৰ মাজত হজযাত্ৰা সম্পৰ্কীয় সহায়িকা বিতৰণ কৰে। এই সহায়িকাত হজৰ সময়ছোৱাত মানিবলগীয়া ধৰ্মীয় নীতি-নিয়ম, চৌদি আৰৱৰ বিধি-ব্যৱস্থাৰ সম্যক তথ্যৰ লগতে যাত্ৰাৰ সময়ছোৱাৰ বিভিন্ন দিশৰ তথ্য সন্নিৱিষ্ট কৰা হয়। অসমত বিতৰণ কৰা এইসমূহ হাতপুথি অসমীয়া আৰু বাংলা ভাষাত প্ৰকাশ কৰা হয়। যুটীয়া হজ কমিটিয়ে হজৰ আয়োজন সন্দৰ্ভত সংশ্লিষ্ট বিভাগৰ মুৰব্বীগৰাকীৰ সৈতে বৈঠক অনুষ্ঠিত কৰে। হজ যাত্ৰাৰ বাবে বিমানৰ সূচী তৈয়াৰ কৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ হজ কমিটিয়ে। যাত্ৰীৰ দিন-বাৰকে আদি কৰি যাৱতীয় তথ্য হজযাত্ৰীসকললৈ প্ৰেৰণৰ দায়িত্ব লয় যুটীয়া ৰাজ্যিক হজ কমিটিসমূহে। যাত্ৰাৰ নিৰ্দ্ধাৰিত তাৰিখৰ দুদিন পূৰ্বেই হজযাত্ৰীসকলে নিৰ্দ্ধাৰিত বিমান বন্দৰৰ সমীপৱৰ্তী স্থানত নিৰ্দিষ্ট কৰা প্ৰস্থান কেন্দ্ৰত সমবেত হবগৈ লাগে যাতে যাত্ৰা সম্পৰ্কীয় বিধি-ব্যৱস্থাসমূহ নিয়াৰিকৈ সম্পূৰ্ণ কৰিব পৰা যায়। হজযাত্ৰাৰ প্ৰাক মূহূৰ্তত যুটীয়া ৰাজ্যিক হজ কমিটিৰ কাৰ্য্যালয় অস্থায়ীভাৱে গুৱাহাটীৰ ইছলামপুৰত থকা হাজি মুছাফিৰখানালৈ স্থানান্তৰিত কৰা হয়। বিভিন্ন শ্থানৰ পৰা অঙা হজযাত্ৰীসকলৰ মুৰব্বী সংযোজসকলে যাত্ৰাৰ নিৰ্দ্ধাৰিত দিনৰ সম্পূৰ্ণ দুটা দিনৰ পূৰ্বেই গুৱাহাটীৰ প্ৰস্থান কেন্দ্ৰ অৰ্থাৎ হাজি মুছাফিৰখানাত তেঁওলোকৰ আগমনৰ নিশ্চিতি প্ৰদান কৰিব লাগিব। বিমান যাত্ৰাৰ সময় পুৱা ১০.০০ বজাত নিৰ্দ্ধাৰিত কৰা হয়। যদিহে কোনো কাৰণত কোনো হজ যাত্ৰীয়ে নিৰ্দ্ধাৰিত দিনৰ বিয়লি ৬.০০ বজা পৰ্যন্ত উপস্থিতি নিশ্চিত নকৰে তেন্তে তেওঁৰ বাবে পৰৱৰ্তী বিমানত যাত্ৰাকৰাৰ সুযোগ প্ৰদান কৰা হয়। যাত্ৰীসকলে তেওঁলোকৰ উপস্থিতি নিশ্চিত কৰাৰ পৰ্ব সম্পূৰ্ণ হলে সেই তথ্য বিমানৰ বৰ্ডিং পাছ ছপোৱাৰ বাবে বিমান কৰ্তৃপক্ষ, চৌদি মুদ্ৰা বিনিময়ৰ বাবে বেংক কৰ্তৃপক্ষ যাত্ৰীসকল থকাৰ বাবে জেদ্দাহত থকা ভাৰতৰ কনচুলেট জেনেৰেল কাৰ্য্যালয়ে সংশ্লিষ্ট যাত্ৰীৰ নামত থকা খোৱাৰ বাবে যাৱতীয় ব্যৱস্থা কৰাৰ লগতে পৰিচয় জ্ঞাপক ষ্টীকাৰ আদি যুগুতাই সেইসমূহ অনলাইন যোগে হাজি মুছাফিৰখানালৈ প্ৰেৰণ কৰে। যুটীয়া ৰাজ্যিক হজ কমিটিৰ কাৰ্যবাহী কৰ্মকৰ্তাই এইসমূহ ষ্টীকাৰ যাত্ৰীসকলৰ পাৰপত্ৰত সংলগ্ন কৰাৰ লগতে যাত্ৰীসকলৰ পৰিচয় পত্ৰ, বাকচত লগাব লগীয়া টেগ আদি যাত্ৰীসকলৰ মাজত বিতৰণ কৰে।