মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সংখ্যালঘূৰ কল্যাণ আৰু উন্নয়ন

হজৰ কৰ্ম পৰিকল্পনা

  • হজৰ কৰ্ম পৰিকল্পনা(অসম, মেঘালয়, নাগালেণ্ড আদিৰ যুটীয়া ৰাজ্যিক হজ কমিটিৰ অধীনত):

    চৌদি চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া সময় সীমাৰ ভিতৰতহজ সংক্ৰান্তীয় যাৱতীয় কাম-কাজ যাতে সম্পূৰ্ণ কৰিব পৰা যায় সেই উদ্দেশ্যে প্ৰতি বছৰে ভাৰতৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ হজ কমিটিয়ে এলানি কৰ্ম পৰিকল্পনা ঘোষণা কৰি আহিছে। এই কৰ্ম পৰিকল্পনাকে সাৰোগত কৰি প্ৰতিখন যুটীয়া হজ কমিটিয়েও হজ যাত্ৰাৰ প্ৰস্তুতি পৰ্ব সম্পূৰ্ণ কৰাৰ প্ৰয়াস কৰে। ২০১৭ চনত ২ জানুৱাৰীত হজৰ ঘোষণা কৰা হৈছিল আৰু হজ আবেদন জমা দিয়াৰ অন্তিম তাৰিখ ২৪ জানুৱাৰী বুলি ঘোষণা কৰা হৈছিল। অৱশ্যে হজযাত্ৰীসকলৰ উচাহৰ প্ৰতি লক্ষ্য ৰাখি আবেদন জমা দিয়াৰ অন্তিম তাৰিখ ৬ ফেব্ৰুৱাৰী পৰ্যন্ত বৃদ্ধি কৰা হয়। নিৰ্দ্ধাৰিত তাৰিখৰ অন্তত অসম , মেঘালয় আৰু নাগালেণ্ডৰ পৰা মুছ ৪২৭৯ খন আবেদন লাভ কৰে যুটীয়া ৰাজ্যিক হজ কমিটিয়ে। ইয়াৰে ৩৯১২ খন হজ আবেদন অফলাইন যোগে আৰু বাকী ৩৬৭ খন অনলাইন যোগে লাভ কৰা হয়।

    চলিত বৰ্ষত অসম, মেঘালয় আৰু নাগালেণ্ডৰ যুটীয়া ৰাজ্যিক হজ কমিটিৰ জৰিয়তে ৪০৮২ গৰাকী আৰু মণিপুৰ ৰাজ্যিক হজ কমিটিৰ জৰিয়তে গুৱাহাটী প্ৰস্থান কেন্দ্ৰৰ পৰা ৩৯০ গৰাকী হজযাত্ৰীয়ে চৌদি আৰৱলৈ যাত্ৰাকৰে। ভাৰত চৰকাৰে গুৱাহাটী প্ৰস্থান কেন্দ্ৰৰ বাবে প্ৰতিদিনে দুখনকৈ বিমানৰ ব্যৱস্থা কৰিছিল যাৰ জৰিয়তে প্ৰতিদিনে ৬০০ গৰাকী যাত্ৰীয়ে হজ যাত্ৰাৰ সুযোগ লাভ কৰিব পাৰিছিল। হজ যাত্ৰাৰ প্ৰস্তুতি পৰ্বত যোৱা বছৰ পৰ্যন্ত এদিনীয়া প্ৰশিক্ষণৰহে দিহা আছিল যদিও এই বছৰৰ পৰা জিলা পৰ্যায়ত অনুষ্ঠিত এই প্ৰশিক্ষণ দুদিনীয়া কৰা হৈছে। ৰাষ্ট্ৰীয় হজ কমিটিৰ নীতি নিৰ্দ্দেশনাৰ আধাৰত প্ৰশিক্ষক সকলক নিৰ্বচিত কৰে যুটীয়া ৰাজ্যিক হজ কমিটিয়ে। এনেদৰে নিৰ্বাচিত ১৬ গৰাকী প্ৰশিক্ষকে ৰাষ্ট্ৰীয় হজ কমিটিয়ে মুম্বাইত অনুষ্ঠিত তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। এইসকল প্ৰশিক্ষককে জিলা পৰ্যায়ত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্য্যসূচীৰ দায়িত্ব অৰ্পণ কৰা হয়।

    হজযাত্ৰীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি মেনেনজাইটিছ আৰু পলিঅৰ প্ৰতিষেধকৰ যোগানো এই প্ৰশিক্ষণ থলীলৈকে ধৰা হৈছিল আৰু সৰহ সংখ্যক হজ যাত্ৰীয়ে প্ৰশিক্ষণ থলীত ইয়াৰ টীকা লৈছিল।

    ৰাষ্ট্ৰীয় হজ কমিটিৰ নিৰ্দ্দেশনাৰ ভিত্তিত খাদিম-উল-হুজাজ নিৰ্বাচনৰ বাবে আবেদন বিচৰা হৈছিল আৰু সেই মৰ্মে৭১ গৰাকী প্ৰাৰ্থীৰ পৰা আবেদন লাভ কৰা হৈছিল। পৰৱৰ্তী পৰ্যায়ত যুটীয়া ৰাজ্যিক হজ কমিটিয়ে ইয়াৰে ২১ গৰাকী প্ৰাৰ্থীক নিৰ্বাচিত কৰি এগৰাকী তত্বাৱধায়কৰ নেতৃত্বত প্ৰতি ২০০ গৰাকী হজযাত্ৰীৰ তদাৰকৰ ভাৰ একোজন খাদিম-উল- হুজাজৰ হাতত অৰ্পণ কৰা হৈছিল। ২০১১ চনৰ পিছত এই প্ৰথম বাৰ চৰকাৰে পূৰ্ণ সংখ্যক খাদিম-উল-হুজাজৰ নিয়োগ নিশ্চিত কৰাৰ লগতে ইয়াৰ বাবে যাৱতীয় পুঁজিৰো যোগান ধৰে। তদুপৰি এইবেলি চৰকাৰে প্ৰতিগৰাকী হজযাত্ৰীলৈ একোখন হজ সহায়িকা, একোটা ছাতি, একোটাকৈ ঔষধৰ টোপোলা আৰু একোখন টেলিফোন সহায়িকা উপহাৰ হিচাপে আগবঢ়াই।