মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সংখ্যালঘূৰ কল্যাণ আৰু উন্নয়ন

বহুখলপীয়া বিকাশ কাৰ্যক্ৰম(এম এছ ডি পি)

কেন্দ্ৰীয় চৰকাৰৰ অৰ্থ সাহাৰ্য্যৰে ৰূপায়িত হোৱা এম এছ ডি পি কাৰ্যক্ৰম অসমত ৰূপায়নৰ দায়িত্ব গ্ৰহণ কৰে সংখ্যালঘূ কল্যাণ তথা উন্নয়ন বিভাগে। ৰাজ্যখনৰ ১৯ খন জিলাৰ ১১৮ টা সংখ্যালঘূ অধ্যুষিত উন্নয়ন খণ্ড(এম চি বি) আৰু এখন সংখ্যালঘূ অধ্যুষিত নগৰ(এম চি টি) এই কাৰ্যক্ৰমে সামৰি লৈছে। দ্বাদশ পৰিকল্পনাৰ সময়ছোৱাত এম এছ ডি পি শিতানত ৰাজ্য চৰকাৰৰ ৫২৫.২৬ কোটি টকাৰ আবণ্টনৰ বিৰীতে পৰিষদে লাভ কৰে ৬১৬.৭৮ কোটি(১১৭শতাংশ) টকাৰ অনুমোদন। ইয়াৰে ৩০৩.২৭ কোটি টকা প্ৰথম কিস্তি হিচাপে মোকলাই দিয়া হয়। ২০১৭-১৮ বিত্তীয় বৰ্ষত এম এছ ডি পি শিতানত ভাৰত চৰকাৰৰ লাভ কৰা হয় ১৪৫.০০ কোটি টকা।