মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সংখ্যালঘূৰ কল্যাণ আৰু উন্নয়ন

জলপানি

কেন্দ্ৰীয় চৰকাৰৰ জলপানিঃ

  • মেৰিট কাম মীনছ(এম চি এম) জলপানি
  • পোষ্ট মেট্ৰিক জলপানি
  • প্ৰি মেট্ৰিক জলপানি

মেৰিট কাম মীনছ(এম চি এম) জলপানি( Merit-Cum-Means Scholarship (MCM):
মেৰিট কাম মীনছ(এম চি এম) জলপানি মূলতঃ কাৰিকৰী আৰু ব্যৱহাৰিক পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীলৈ আগবঢ়োৱা হয়। ৰাজ্যখনত এই জলপানি আঁচনি অসম চৰকাৰৰ চৰ এলেকা উন্নয়ন সঞ্চালকালয়ে ৰূপায়ন কৰে। চৰ এলেকা উন্নয়নৰ সঞ্চালকগৰাকীয়ে এই আঁচনিৰ মুখ্য তদাৰকী বিষয়াৰ দায়িত্ব গ্ৰহণ কৰে। ছাত্ৰ-ছাত্ৰীসকলে এই জলপানি বিচাৰি েবছাইটৰ জৰিয়তে অনালাইন আবেদন কৰিব পাৰে। www.scholarship.gov.in.

পোষ্ট মেট্ৰিক জলপানি( Post Matric Scholarship):
মেট্ৰিক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীলৈ আগবঢ়োৱা এই জলপানি আঁচনিখনো আঁচনি অসম চৰকাৰৰ চৰ এলেকা উন্নয়ন সঞ্চালকালয়ে ৰূপায়ন কৰে। উচ্চতৰ মাধ্যমিক কিম্বা তাৰ ওপৰৰ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলে এই জলপানিৰ বাবে www.scholarship.gov.in ৱেবছাইটৰ জৰিয়তে অনালাইন আবেদন কৰিব লাগিব। এইখন জলপানি আঁচনিৰো মুখ্য তদাৰকী বিষয়া চৰ এলেকা উন্নয়নৰ সঞ্চালকগৰাকীয়েই।www.scholarship.gov.in

প্ৰি মেট্ৰিক জলপানি( Pre Matric Scholarship):
অসম সংখ্যালঘূ উন্নয়ন পৰিষদে প্ৰি মেট্ৰিক জলপানি আঁচনিখন ৰূপায়ন কৰে। সংখ্যালঘূ সম্প্ৰদায়ৰ প্ৰথম মানৰ পৰা দশম মানত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলে এই আঁচনিখনৰ জলপানিৰ বাবে আবেদন কৰিব পাৰে। অসম সঁখ্যালঘূ উন্নয়ন পৰিষদৰ সঞ্চালকগৰাকীয়ে আঁচনিখনৰ মুখ্য তদাৰকী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰে। এই জলপানিৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে www.scholarship.gov.in ৱেবছাইটৰ জৰিয়তে অনালাইন আবেদন কৰিব লাগিব। www.scholarship.gov.in