২০০৩ চনৰ অসম ৰাজ্যিক সংখ্যালঘূ আয়োগ আইনৰ অধীনত কাৰ্য সম্পাদনা কৰে এই আয়োগে। এই আয়োগে ৰাজ্যখনৰ সংখ্যালঘূ সম্প্ৰদায়সমূহৰ সৰ্বাংগীন কল্যাণৰ লক্ষ্যৰে ৰূপায়ন হোৱা আঁচনি, এনে কৰ্ম-কাণ্ডৰ বাবে আৱণ্টিত পুঁজিৰ ব্যয়-বিতৰণ, নিয়োগ- নিযুক্তি আদিৰ যাৱতীয় দিশ সমূহ তদাৰকী কৰাৰ লগতে ওজৰ- আপত্তি আদিৰ অনুসন্ধান কৰে।