মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সংখ্যালঘূৰ কল্যাণ আৰু উন্নয়ন

অসম ৱাকফ বোৰ্ড

১৯৫৪ চনত ৱাকফ আইনৰ অধীনত অসম চৰকাৰে ১৯৫৭ চনৰ আগষ্ট মাহত গঠন কৰা অসম ৱাকফ বোৰ্ড হৈছে ৰাজ্যিক পৰ্য্যায়ৰ এক বিধিসন্মত নিকায়। ১৯৯৫ চনত নতুন ৱাকফ আইন গৃহীত নোহোৱা পৰ্যন্ত আইনখনৰ বহুবাৰ সংশোধন কৰা হৈছিল। ইয়াৰ পিছতো আইনখনৰ সংশোধন আনি নতুন ৰূপ দিয়া হয় ৱাকফ(সংশোধিত আইন, ২০১৩) হিচাপে। শেহতীয়াভাৱে ৰাজ্যিক ৱাকফ বোৰ্ডৰ কাৰ্যকাল সম্পূৰ্ণ হৈছে ২০১৭ চনৰ ১১ ছেপ্তেম্বৰত। আজিৰ তাৰিখত ৰাজ্যখনৰ ১৮১ টা ৱাকফ সম্পত্তিৰ নিয়ন্ত্ৰণ কৰে এই বোৰ্ডে।